Joubona Lyrics – Bhaskar Opswel

Joubona Lyrics were sung by Bhaskar Opswel, while the Lyrics of the new Assamese song were penned by Bijit Pratim Deka, music also given by Bhaskar Opswel.Joubona Lyrics – Bhaskar Opswel

Joubona Lyrics

যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া

আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা

তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল’বলৈ

তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ…!!!

অনুভৱী হৃদয়তে
লাগি ৰোৱা আৱেগতে
ভাবি ভাবি আঁকিলো মাদকতা ভৰা ছবিখনি,,,
পলকতে বাট ধৰা
হাঁহিলে মুকুতা সঁৰা
ক্ষণে ক্ষণে শিহৰিত আজি মোৰ কবিতাটি,,,
পূজিছো তোমাকেই মোৰ চেনেহী
মৰমৰ চিঞাহী মোৰ প্ৰনামী…।।।

যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া
আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা

খোজে খোজে বিচাৰো আল্পনা তোমাৰ
শাৰদী জোনাকী নিশা,,,
আলফুলে দুহাতে লাজুকী চাৱনিৰে বুলাবা মায়াবী তৃষা…

তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল’বলৈ

তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ…!!!

যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া
আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা

Written by Bhaskar Opswel 

“This is the end of  Song Joubona Lyrics. If you find any mistakes, then let us know by filling out the contact us form with the correct Lyrics.”

Watch video of Joubona song.

Joubona Song Details:

Song: Joubona
Singer(s): Bhaskar Opswel
Musician(s): Bhaskar Opswel
Written by: Bijit Pratim Deka
Label(©): Bhaskar Opswel

 

Leave a Reply

Your email address will not be published. Required fields are marked *