Xunyo Lyrics ( শূন্য ) Kool-D & Zupiter || New Assamese Rap || Official music video ||

🎬 🎧 Credits: Rap vocal & Lyrics – Kool-D, Music production & Mix / mastering – Zupiter Additional supporting vocal – Notxofar Cinematography : Ikramul haque , Rahul barman , Manoj bania , Dipjyoti Bharali , Video Editing : Nayan jyoti rabha / NAI Production special thanks to RJ Bistro , Guwahati Special thanks to satyajit gogoi & co

Xunyo Lyrics” Xunyo Lyrics in Assamese “

মই চাব খোজোঁ এনে এক ঠাই য’ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া ।
I really don’t wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।।
মই চাব খোজোঁ এনে এক ঠাই য’ত , নাই মই আজি আৰু নাই মোৰ ঠিকনা ।
কোনোমতে মাথোঁ আছোঁ জীয়াই , মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।।

চিনাকি বহুত চিনাকি অযুত ,
সহায়ৰ হাত লাগে যদি চিনাকি মজুত ।
পিছে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে ,
হৃদয়ত দেখোঁ কিয় অচিনাকি মোক ।।

অনাই বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুৱা বাটৰ দিশ ।
যুঁজিছোঁ কিয় মই নিজৰে লগতে , আচলতে এটা সাঁথৰ ই ।
বিচৰা নাই মই চিনাকি চেহেৰা , যাবলৈ খুজি মই আঁতৰি ।
নিজৰে মাজতে মগন , আজি মোক নালাগে কাৰোৰে বাতৰি ।।

নিজেই নিজৰ শত্ৰু মই সঁচা মহাপাগল ।
বৰ্ষাৰ নহয় পানী , এইয়া চকুৰে অহা জাগল ।
টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ ,
মই ডুবিযাব খোজোঁ আজি লাগিছে বৰ ভাগৰ ।

মই কব খোজোঁ বহুকথা বুকু ফালি ।
পিছে আৱেগবোৰ থমকি ৰয় দুকুঠালিত ।
তাতে বহোঁ আৰু সময়বোৰ জুখোঁ বালিত ।
বৈ যোৱা নৈ আৰু লোৱা তাতে মোকো ঢালি ।। ×2

ধূলিকণা মইও মোৰো নো কি চিন-চাব,
ফোঁপোলা জীৱন ইয়াত মৰে মানুহ চিন্তাত ।
আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ ,
আকাশত চুই হ’ব খোজোঁ বিলীন তাত ।। ×2

নাম , যশ , অভিলাষ আৰু ফেনেকা ধন ।
আৱেগত আছোঁ উটি আজি সেমেকা মন ।।
মানুহলৈ লাগে ভয় কিয় নাজানোঁ মই ,
লগ বুলিবলৈ আছে মাথোঁ নেদেখা জন।।
জীৱন যুদ্ধত চিপাহী মই নাম কটা ,
জ্বলিছে জুই মনত অলপো নাই সামকতা ।
নিথৰ মনে কৰে ভাগৰুৱা প্ৰশ্ন মোক ,
ক’ত যাম আজি ক’ত বাৰু পাম সকাহ ।।

মই চাব খোজোঁ এনে এক ঠাই য’ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া ।
I really don’t wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।।

দুদিনৰ ঢৌ নালাগে মোৰ বাৰ্তা হওঁক আজীৱন ।
মনে যদি কান্দে তাতে কবিতাবোৰ সাজিলম ।।
বিচৰাবোৰ পালোঁ পিছে উকা চোন আজি মন ।
কব যি মনে আজি তাকেই মই মানি লম ।।

মই হালি পৰা গছ আজি শুকান মোৰ গছপাত ।
সেউজৰ সপোনবোৰ হেৰালে অকস্মাৎ ।।
আহিলা বেছি জীৱন পেলনীয়া বস্তাত ।
মই থমকি লৈ দেখোঁ নিজক মৰহি অৱস্থাত ।।

যুদ্ধখন নিজৰ লগত আক্ষেপ নাই কাৰো প্ৰতি ।
নিজকে মই সাৱটি লম কষ্ট হয় আৰু যদি ।।
বিষাদ এটা কলা, মই নিজে চাগে তাৰো প্ৰতীক ।
আগবাঢ়ক সকলো মই হেঙাৰ নহওঁ কাৰো গতিত ।।×2

মই চাব খোজোঁ এনে এক ঠাই য’ত , নাই মই আজি আৰু নাই মোৰ ছাঁয়া ।
I really don’t wanna chase anything cause , দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।।
মই চাব খোজোঁ এনে এক ঠাই য’ত , নাই মই আজি আৰু নাই মোৰ ঠিকনা ।
কোনোমতে মাথোঁ আছোঁ জীয়াই , মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।।

Video of XUNYO Lyrics ( শূন্য ) Kool-D & Zupiter

 

Leave a Reply

Your email address will not be published. Required fields are marked *