(ভাটিয়ালী) Bhatiyali Lyrics – Achurjya Borpatra

(ভাটিয়ালী) Bhatiyali Lyrics -were sung by Achurjya Borpatra, while the Lyrics of this new Assamese song were penned by Hiranjit, Music

Bhatiyali Song Details:

Song: Bhatiyali
Singer(s): Achurjya Borpatra
Musician(s): Arnab Bashistha
Written by: Hiranjit
Label(©):

(ভাটিয়ালী) Bhatiyali Lyrics

নিৰিবিলি বিলতে
আঠুৱনি পানীতে,
জাকে জাকে বগা (বগলী) বহিছে৷
তাকে দেখি হাঁহিছে
পদুম কুঁৱৰীয়ে,
হেঁপাহৰে ডিঙা মেলিছে৷

ভাটিয়ালী সুৰ এটি…গছকি পদুলি…
আহিব খুজিছে উজাই৷
তাকে গালে-মুখে কুমুদিনী হাঁহি এটি
আঁকি যে ল’লো পুনৰাই৷
এই দোকমোকালিৰ পূৱৰে বেলি
তোমাৰ চকুতেই আঁকো৷
আলসুৱা আদৰৰে সেই, কিছু জিৰণি তোমাৰ বাটতেই ৰাখো৷

চিনাকী নিয়ৰত অচিনাকী খোজেৰে
যেন উমলে পুৱতিৰ তৰা এটি,
এপাহি বকুলৰ কবিতা এফাঁকি
কোনেনো লিখি যায় লিপি লিপি৷
যেন দূৰ দূৰ বহুদূৰৰে
নীড়হাৰা, দৰদী এটি গানে
মোক আহি আজিও নিৰৱে নিচুকায়৷

“This is the end of  Bhatiyali Lyrics . If you find any mistakes, then please fill the contact us form with the correct Lyrics.”

Watch Video of Bhatiyali Song

 

Leave a Reply

Your email address will not be published. Required fields are marked *