সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা – Lakshminath Bezbaruah essay in Assamese

(প্রিয় সাহিত্যিক )

সূচনা: ‘অ’ মোৰ আপোনাৰ দেশ, অ’ মোৰ চিকুণী দেশ’ বুলি অসমীয়া ভাষা-সাহিত্যৰ ভেঁটি টনকিয়াল কৰা ওজা সাহিত্যিক গৰাকীয়েই হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। হাস্য-ব্যংগ, গল্প, সাধুকথা, উপন্যাস, নাটক, কবিতা, তাত্ত্বিক আলোচনা আৰু ভাব গধুৰ নিবন্ধকে ধৰি সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ দৰে বিচৰণ কৰা দ্বিতীয় এজনা সাহিত্যিক নাই। সেই বাবেই তেখেতক সাহিত্যৰথী বোলা হয়। ক্ষুৰধাৰ হাস্য-কৌতুক মিহলি ৰচনাৰাজিৰ বাবে তেওঁক ৰসৰাজ উপাধি দিয়া হয়।

জন্ম: পিতৃ দীননাথ বেজবৰুৱাই চৰকাৰী কামত নাৱেৰে ভ্ৰমণ কৰি থকা সময়তে ১৮৬৮ চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মীনাথৰ নাওতে জন্ম হয়। তেখেতৰ মাতৃ আছিল বিখ্যাত বৈষ্ণৱ কবি অনন্ত কন্দলিৰ বংশধৰ।

শিক্ষালাভ: দেউতাকৰ চাকৰিৰ সৈতে পৰিয়ালটো অসমৰ বিভিন্ন ঠাইলৈ যাবলগীয়া হোৱা হেতু লক্ষ্মীনাথে বিদ্যালয় পৰ্যায়ৰ শিক্ষা অসমৰ বিভিন্ন ঠাইত গ্রহণ কৰিবলগীয়া হৈছিল। ১৮৮৬ চনত শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা, ১৮৯০ চনত কলকাতাৰ চিটী কলেজৰপৰা বি.এ, পাছ কৰে। তেখেতে আইন আৰু এম, এ মহলাত অধ্যয়ন কৰে যদিও পৰীক্ষা নিদিয়া হেতু উপাধি লাভৰপৰা বঞ্চিত হ’বলগা হয়।

কার্যাবলী: বি. এ, পাছ কৰাৰ পিচতে তেখেতে কলকাতাৰ জোৰাসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰী দেৱীক বিয়া কৰায়। অফুৰন্ত কর্মশক্তি আৰু স্বাধীনচিতীয়া মনোবৃত্তি বেজবৰুৱাৰ চৰিত্ৰৰ অন্যতম বৈশিষ্ট্য। সেয়ে ব্ৰিটিছ চৰকাৰে তেখেতক ‘মুন্সিফ’ পদ যাচিছিল যদিও সেই পদ গ্ৰহণ নকৰি কাঠৰ ব্যৱসায়ত লাগে। ইয়াৰ বাবে জীৱনৰ অধিক সময় সুদূৰ কলকাতা আৰু উৰিষ্যাৰ সম্বলপুৰত কটাবলগীয়া হয়। এফালে কাঠ ব্যৱসায়, আনফালে স্বদেশপ্ৰেমৰ জুইকুৰা নিৰ্বাপিত কৰাৰ অৱলম্বন ৰূপে সাহিত্য-সাধনা—এই দুই নাওৰ কাণ্ডৰী হৈয়ো জীৱনৰ শেষ সময়ছোৱালৈ দুইখন নাওৰ গুৰি-বঠা চম্ভালি যাব পৰাটো বেজবৰুৱাৰ অফুৰন্ত কর্মশক্তিৰ বখানিবলগীয়া দিশ।

জোনাকী যুগৰ সব্যসাচীৰূপে আৰু অসমীয়া সাহিত্যলৈ যোগোৱা অৱদানৰ বাবে ১৯২৪ চনত তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ গুৰু দায়িত্ব বহন কৰে। ১৯৩৩ চনত বৰোদাত অনুষ্ঠিত প্রাচ্য সন্মিলনত বৈষ্ণৱ সাহিত্যৰ ওপৰত ভাষণ দিবলৈও তেওঁ আমন্ত্ৰিত হৈছিল। অসমীয়া ভাষাৰ প্ৰাচীনত্ব সম্পৰ্কত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে তর্কযুদ্ধত নামি বেজবৰুৱাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ অসমীয়া ভাষা সম্পর্কে থকা ভুল ধাৰণা শুধৰাই দিছিল ।

বেজবৰুৱাৰ বিশাল সাহিত্যৰাজিলৈ চালে লিটিকাই, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, নোমল, পাঁচনি আদি হাস্য ৰসাত্মক, ‘কদমকলি’ একমাত্র কবিতা পুথি, ‘পদুম কুঁৱৰী’ উপন্যাস; সাধুকথাৰ কুকি, বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল’ৰা সাধুকথাৰ পুথি; চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ নাটক; সুৰভি, জোনবিৰি, কেহোঁকলি চুটিগল্প; কৃপাবৰ বৰুৱাৰ ওভতনি, ভাবৰ বুৰবুৰণি প্ৰবন্ধৰ পুথি; শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱ, তত্ত্বকথা, কৃষ্ণকথা, আদি ভাবগধুৰ তাত্ত্বিক গ্রন্থ; ‘মোৰ জীৱন সোঁৱৰণ’ আত্মজীৱন চৰিত; ডাঙৰীয়া দীননাথ বেজবৰুৱা জীৱনী সাহিত্য আদি ভাগত ভাগ কৰিব পাৰি। তেওঁ ৰচনা কৰা এই সাহিত্য সম্ভাৰ আজিও অসমীয়া ভাষা-সাহিত্যৰ বাবে অমূল্য সম্পদৰূপে গণ্য হৈ আহিছে।

ইহলীলা সম্বৰণ: ১৯২৮ চনৰ ২৬ মাৰ্চত অসমীয়া ভাষা-সাহিত্যৰ অন্যতম গুৰিয়াল সাহিত্যক লক্ষ্মীনাথ বেজবৰুৱাই ডিব্ৰুগড়ত ইহলীলা সম্বৰণ কৰে জনমভূমিক ভাল পোৱা আৰু জনমভূমিৰ বাবে কৰ্ম কৰাই তেখেতৰ জীৱনৰ মূলমন্ত্ৰ আছিল |

 

This is the end of the essay on Lakshmi Nath Bezbaruah in Assamese language.

 

Leave a Reply

Your email address will not be published. Required fields are marked *