অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম : পৰ্যটকক আৰ্কষণ কৰা অসমৰ ৰাষ্ট্ৰীয় উদ্যান

National Parks of Assam: চকুৱে দেখা পোৱালৈকে সকলো সেউজীয়া দেখা আটাইতকৈ মনোৰম আৰু প্ৰাচীন ৰাজ্যবোৰৰ ভিতৰত অন্যতম আমাৰ অসমভূমি।সেউজীয়া অসমভূমি বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ বাসভূমি। অসমৰ অভয়াৰণ্য তথা উদ্যানবোৰতেই অসমৰ পৰিচয় বহন কৰা এশিঙীয়া গঁড়ৰ লগতে বিভিন্ন জীৱ-জন্তু তথা উদ্ভিদবোৰে বংশ বৃদ্ধি কৰি ৰাজ্যখনক প্ৰাকৃতিকভাৱে চহকী কৰি ৰাখিছে। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম।

অসমত মুঠতে সাতখন ৰাষ্ট্ৰীয় উদ্যান আছে।এই কেইখন হৈছে-

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল। এই উদ্যানখন নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত।এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি  ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত ইউনেস্ক’য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ,হাতী,হৰিণ, বনৰীয়া গাহৰি,বন কুকুৰা আদি জীৱ-জন্তৱে বাস কৰে।উল্লেখ্য, ২০০৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

মানস ৰাষ্ট্ৰীয় উদ্যান

মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত। এই অভয়াৰণ্যক ১৯৯০ চনত মানস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। ১৯৭৩ চনত এই উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা কৰা হয়। আনহাতে, মানস ৰাষ্ট্ৰীয় উদ্যানক ১৯৮৫ চনত ইউনেস্ক’য়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে।এই উদ্যানৰ মুঠ মাটিকালি ৫০০ বৰ্গ কিলোমিটাৰ। মানহ ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী , বনৰীয়া মহ, বাঘ, বান্দৰ, হৰিণা, ভালুক, নল গাহৰিকে ধৰি বিভিন্ন জীৱ-জন্তু পোৱা যায়।

নামেৰী ৰাষ্ট্ৰীয় উদ্যান

বিভিন্ন জীৱ-জন্তু, গছ-গছনিৰে ভৰপুৰ নামেৰীক ১৯৮৫ চনত অভয়াৰণ্য আৰু ১৯৯৮ চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। এই উদ্যানৰ মুঠ মাটিকালি ২০০ বৰ্গ কিলোমিটাৰ।নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ২০০০ চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয়। এই উদ্যানত বিভিন্ন জাতিৰ বান্দৰ,  শিয়াল, বনৰৌ,হৰিণ, বাঘ, হাতীৰ লগতে বিভিন্ন জীৱ-জন্তু পোৱা যায়।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান

এইখন উদ্যানখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে শোণিতপুৰ আৰু দৰং জিলাত অৱস্থিত।ওৰাঙক ১৯৮৫ চনত অভয়াৰণ্য আৰু ১৯৯৯ চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।এই উদ্যানখনৰ মাটিকালি ৭৮.৯১ বৰ্গ কিলোমিটাৰ।ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, বনৰীয়া মহ, নল গাহৰি, খটিয়া পহু, শহা পহুকে ধৰি বিভিন্ন প্ৰজাতিৰ বিভিন্ন জীৱ-জন্তু পোৱা যায়।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত।এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি ৩৪০ বৰ্গ কিলোমিটাৰ।১৯৯৯ চনত ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল।এই উদ্যানত শিহু, বাঘ, বান্দৰ, হাতী, ঘোঁৰাকে ধৰি বহু দুস্প্ৰাপ্য প্ৰাণীয়ে বাস কৰে।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত।এই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ২৩১.৬৫ বৰ্গ কিলোমিটাৰ। ২০০৪ চনত দিহিং পাটকাইক অভয়াৰণ্য আৰু ২০২০ চনৰ ১৩ ডিচেম্বৰত দিহিং পাটকাইক ৰাজ্যপালৰ অনুমোদন মতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল।আনহাতে, ২০২১ চনৰ ৯ জুনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয়।এই উদ্যানত  হাতী, বান্দৰ, বাঘ, ভালুক, পহুৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই আৰু উদ্ভিদ পোৱা যায়।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। কোকৰাঝাৰ জিলাৰ গোঁসাইগাৱত অৱস্থিত এই সংৰক্ষিত বনাঞ্চলখনে ২০২১ চনৰ ৫ জুনত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে।ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ৪২২ বৰ্গ কিলোমিটাৰ।এই উদ্যানখনত বাঘ, ফুটুকী হৰিণ, হাতী, ম’হ, ১৭০ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই, ১৫০ বিধ প্ৰজাতিৰ পখিলা,ভিন্ন প্ৰজাতিৰ অৰ্কিডৰ লগতে ৩৮০প্ৰজাতিৰ গছ-গছনি পোৱা যায়। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম

Leave a Reply

Your email address will not be published. Required fields are marked *