Nuwari buli Kune Kole Lyrics – Bishrut Saikia

Nuwari Buli Kune Kole Lyrics was sung by Bishrut Saikia, while the Lyrics of this new Assamese song were penned and composed by Bishrut Saikia. Recorded at The Soundzone Studio, Guwahati.

Nuwari buli Kune Kole Lyrics

Nuwari buli Kune Kole Lyrics

এইযে মানুহ ভাগি পৰে
টুকুৰাবোৰ কোনে বুটলে ?
এইযে মানুহে ভুল বুজে
বুজিবলৈনো কোনে খোজে?
নিজক বুজি পালে,
সপোনক সময় দিলে,
বিচৰাৰ দৰে সহাৰি পাবলৈ
নোৱাৰি বুলি কোনে ক’লে !

এইযে মানুহে এৰি গ’লে
স্মৃতিবোৰে থাকি কি কৰে?
ৰৈ যোৱা স্মৃতিৰ অবিহনে
সোঁৱৰণী গঢ়ো কিদৰে?
হেৰুৱাজনৰ যদি , আধা হয় জীৱন কাহিনী
সেই কাহিনী আগুৱাই নিবলৈ,
নোৱাৰি বুলি কোনে ক’লে!
নোৱাৰি বুলি কোনে ক’লে!

এইযে মানুহে ভুল হ’লে
সমাজৰ হাঁহিলৈ কিয় ভয় কৰে?
সমাজৰ হাঁহিৰ অবিহনে
সমাজে সকাহ পায় কিদৰে ?
নিজৰ ভুল দেখিলে,
দেখিলে ভাবি মানিলে,
ভুলবোৰ পাহৰি ভালবোৰ ল’বলৈ
নোৱাৰি বুলি কোনে ক’লে !
নোৱাৰি বুলি কোনে ক’লে !
নোৱাৰি বুলি কোনে ক’লে

Watch Video of Nuwari buli Kune Kole song.

Leave a Reply

Your email address will not be published. Required fields are marked *