তেনেকৈ -Tenekoi Lyrics- Bishrut Saikia and Richa Gogoi

Bishrut Saikia Tenekoi Lyrics 

Tenekoi Lyrics – Bishrut Saikia

 চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ ?

হৃদয়ত ৰাখিলে ভাঙিম বাৰু  কেনেকৈ ?

চকুলো মচি দিয়া যেনেকৈ,

হৃদয় সাঁচি ৰাখা যেনেকৈ,

তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ ।

স্বাভিমান ৰাখিও সহি থাকা কেনেকৈ?

পৰিমাণ মৰমৰ বুজি পোৱা কেনেকৈ?

সন্মান ধৰি ৰাখা যেনেকৈ,

অম্লান মৰম বোৰ যেনেকৈ,

তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ।

যদি সোধো আৰু কিমান,

মৰম আছে মোৰ বাবে?

প্ৰশ্ন মোৰো যদি একে ,

কিনো ক’বা?

হেঁপাহত মাতিলে নুশুনি থাকোঁ কেনেকৈ?

মৰমত বুজালে অভিমান কৰোঁ কেনেকৈ?

সকলো কথা শুনা যেনেকৈ,

অভিমান এৰি বুজা যেনেকৈ,

তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ।

কেনেকৈ ? তেনেকৈ । কেনেকৈ? তেনেকৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *