অসমৰ প্ৰাকৃতিক সম্পদ – Natural Resources of Assam in Assamese

 

আৰম্ভণি ঃ ৰত্নগর্ভা পৃথিৱীখনত আপোনা-আপুনি উৎপন্ন হোৱা সম্পদবোৰকে প্রাকৃতিক সম্পদ বোলে। প্ৰকৃতিৰ যিবোৰ বস্তু মানুহে উৎপন্ন কৰে, সেইবোৰো প্ৰাকৃতিক সম্পদৰেই অন্তর্ভুক্ত। প্রাকৃতিক সম্পদসমূহ কোনো এটা অঞ্চলৰ ভৌগোলিক অৱস্থান আৰু কাৰকসমূহৰ ওপৰত নিৰ্ভশীল। ভাৰতৰ ভিতৰত অসম অন্যতম ৰাজ্য। অসম ৰাজ্যখন যিহেতু পাহাৰ-পৰ্বত, নদ-নদী, জান-জুৰি আদিৰে সমৃদ্ধ সেয়েহে বৈচিত্র্যময় ভৌগোলিক পৰিৱেশ যুক্ত অসমখনপ্রাকৃতিক সম্পদত চহকী হোৱাটো তেনেই স্বাভাবিক।

অসমৰ প্ৰাকৃতিক সম্পদসমূহক কৃষিজাত, বনজাত, খনিজাত আৰু জলজাত হিচাপে চাৰিটা ভাগত ভাগ কৰিব পাৰি।।

বিৱৰণ ঃ (ক) কৃষিজাত সম্পদ : অসম ৰাজ্যখন মৌচুমী অঞ্চলত অবস্থিত আৰু ইয়াৰ মাটিভাগ বৰ সাৰুৱা। গতিকে খেতিৰ বাবে ইয়াৰ মাটি অতি উপযোগী। ইয়াত ধান, মাহ, সৰিয়হ, কুঁহিয়াৰ, মৰাপাট, চাহ, কঁঠাল, নাৰিকল, তামোল, পাণ আদি নানা শাক-পাচলি আৰু বিবিধ ফলমূল উৎপন্ন হয়। চাহ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম। ইয়াৰ উৎপাদনৰ শতকৰা ৬৬ ভাগ চাহ অসমতে উৎপন্ন হয়। অসমৰ চাহপাতৰ মান উন্নত ধৰণৰ হোৱা বাবে বজাৰত ইয়াৰ চাহিদা অতি বেছি। অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে মৰাপাট, উৎপন্ন হয়। নগাঁও, কামৰূপ, গোৱালপাৰা জিলাত ইয়াৰ উৎপাদন বেছি। এইবোৰৰ উপৰি তামোল-পাণ, নাৰিকল, আম, কঁঠাল, আনাৰস আদি নানা ফল ইয়াৰপৰা ভাৰতৰ আন আন ঠাইলৈ যায়। আদা, হালধি, জালুক, জলকীয়া আদি নানা প্ৰকাৰৰ শাক-পাচলি ইয়াত প্ৰচুৰ পৰিমানে উৎপন্ন হয়।

Natural resources of Assam

(খ) বনজাত সম্পদ : অসমত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত বছৰি গড়ে ২০০ছেঃমিঃৰ পৰা ৩০০ ছেঃমিঃ পর্যন্ত বৰষুণ হয়। সেয়ে অসমৰ অনেক ঠাইত ডাঠ হাবি আছে। এই হাবিবোৰ নানা মূল্যৱান গছ-গছনিৰে ভৰপুৰ। তদুপৰি এই হাবিবোৰত বিবিধ ঔষধি গুণযুক্ত গছ-গছনি, তৃণ-লতা পোৱা যায়। লা আৰু শাল-ধূনা অসমৰ হাবিত পোৱা দুবিধ মূল্যবান বস্তু। হাধিৰ জীৱ-জন্তুও প্রাকৃতিক সম্পদৰ ভিতৰুৱা হাতী, গড়, বাঘ, ভালুক, ম’হ, হৰিণা, গাহৰি আদি জন্তুৰ উপৰি ৰাজহাঁহ, ধনেশপক্ষী, ম‍ইনা, ভাটৌ, শৰালি, কুকুৰা, ম’ৰা,কুলি, কেতেকী আদি অনেক চৰাই পোৱা যায়। তদুপৰি এড়ি পলু, পাটপালু, মুগা পলু, মৌ-মাখি আদিৰ পালনে অসমৰ আৰ্থিক দিশত যথেষ্ট প্রভাৱ পেলাই আহিছে। অসমৰ পাট-মুগাৰ উদ্যোগে আজি ভাৰততেই নহয় সমগ্ৰ পৃথিৱীতে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কাজিৰঙা, ওৰাং, মানাহ আদি অসমৰ বিখ্যাত অভয়াৰণ্য। এই অভয়াৰণ্যবোৰত বনৰীয়া জীৱ-জন্তু সংৰক্ষণ কৰা হয়। ইয়াৰ পৰা অসমৰ পৰ্যটন বিভাগে বছৰি যথেষ্ট আয় কৰিবলৈ সক্ষম হৈছে। অসমৰ হাবিত কাগজ তৈয়াৰ কৰাৰ বাবে উপযুক্ত বাঁহ আৰু গছ-গছনি পোৱা যায়। সেইবাবে জাগীৰোড, পাঁচগাঁও আদি ঠাইত কাগজ কল স্থাপন কৰিব পৰা হৈছে।

(গ) খনিজাত সম্পদ ঃ অসমৰ খনিজাত সম্পদ পৃথিৱীৰ ভিতৰতে উল্লেখযোগ্য। ইয়াত বিভিন্ন মাটি আৰু শিলৰ উপৰি চূণ, কয়লা, খাৰুৱা তেল, প্রাকৃতিক গেছ আদি পোৱা যায়। ভাৰতৰ ভিতৰতে অসম পেট্রলিয়াম সম্পদত চহকী। দুলীয়াজন, গেলেকি, মৰাণ, ডিগবৈ লাকুৱা, নাহৰকটীয়া, খ্ৰীজান, নামৰূপ আদি অঞ্চলত তেলৰ পুং আৰু প্ৰকৃতিক গেছ পোৱা যায়। গোৱালপাৰাৰ কোনো কোনো ঠাইত লোৰ সন্ধান পোৱা গৈছে। আহোমৰ ৰাজত্বকালত সোৱণশিৰি নৈব বালিত সোণৰ কণিকাও পোৱা গৈছিল বুলি জানিব পৰা গৈছে। ভূতত্ত্ববিদসকলৰ মতে অসমৰ বিভিন্ন ঠাইত বহুতো মূল্যবান খনিজাত পদার্থ লুকাই আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই সম্পদসমূহ আহৰণৰ প্ৰধান অন্তৰায় হৈছে কাৰিকৰী জ্ঞান থকা লোকৰ অভাৱ, উদ্যমহীনতা আৰু চৰকাৰৰ অৱহেলা।

(ঘ) জলজ সম্পদ : ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ প্ৰমুখ্যে বিভিন্ন নৈ-উপনৈ সমূহে অসমৰ শইচ-ভূমি উৰ্বৰা কৰাৰ লগতে বিভিন্ন শ‍ইচ ক্ষেত্ৰলৈ পানী যোগান ধৰি আহিছে। অসমৰ নৈ, বিল আদিত মাছ, কাছ আদি যথেষ্ট পৰিমাণে পোৱা যায়। অসমৰ নৈবোৰত থকা খৰশ্রোতা আৰু বাৰিষা খৰালি উভয় সময়তে ইয়াত পানীৰ অভাৱ নহয়। পানীত থকা মাছ, কাছ আদিয়ে এই ৰাজ্যক আর্থিক দিশত যথেষ্ট চহকী কৰিছে। অসমৰ উৰ্বৰা খেতিপথাৰত পানী যোগান ধৰি আৰু সময়ে সময়ে হোৱা প্ৰলয়ংকারী বানপানীক নিয়ন্ত্ৰণ কৰি কৃষিখণ্ডৰ ব্যাপক উন্নতি সাধন কৰিব পাৰি। এনেদৰে জলজ সম্পদৰ পূৰ্ণবিকাশ ঘটাই ৰাজ্যখনৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব পাৰি।

সামৰণি ঃ অসমখন বিভিন্ন প্রাকৃতিক সম্পদেৰে ভৰপুৰ যদিও অতি পৰিতাপৰ কথা যে এই আটাইবোৰ সম্পদৰ সমুচিত ব্যৱহাৰ এতিয়ালৈকে হোৱা নাই। অসমৰ বুকুত যিমানবোৰ প্রাকৃতিক সম্পদ আছে, সেই আটাইবোৰকে উদ্ধাৰ কৰি তাক যথাযোগ্যভাবে কামত খটুৱাব পাৰিলে অসমৰ অৱস্থা নদন-বদন হোৱাটো ধূৰূপ। তাৰ বাবে প্ৰাকৃতিক ভাৰসাম্যতা যাতে কোনো ধৰণে ক্ষতিগ্ৰস্ত নহয় সেই কথা লক্ষ্য ৰাখিব লাগিব। পৃথিৱীত কোনো সম্পদেই চিৰস্থায়ী নহয়। গতিকে চৰকাৰ আৰু ৰাইজে এই প্রাকৃতিক সম্পদৰাজিৰ ব্যবহাৰত মিতব্যয়িতা অৱলম্বন কৰিব লাগিব।

Thank you for reading অসমৰ প্ৰাকৃতিক সম্পদ

you can also Read Related EssayLakshminath Bezbaruah essay in Assamese

 

Leave a Reply

Your email address will not be published. Required fields are marked *